Welcome


Sunday 7 July 2013


কবি → হীৰেণ ভট্টাচার্য্য

“ইমান অলপতে বিচলিত হ’লে
তোমাৰ বাৰু কেনেকৈ চলে ?”
শিলুৱা এন্ধাৰে মোক এই বুলি ক’লে।
কবি মই নাছিলো কোনোকালে
ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ
সত্যক সহজে ল’বলৈ শিকালে।
কবি মই নাছিলো কোনোকালে।

ৰচনাকাল → ১৯৭০ চন

0 মতামত:

Post a Comment